Availability: In Stock

Sabyasachira Sabda

200.00

‘সব্যসাচীৰ শব্দ’ সংকলনটি কবি অতনু সব্যসাচীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, সামাজিক কর্মৰ মাজত দেউতাকৰ অতুলনীয় অৱদান, আনন্দ-প্ৰেম আৰু বিষাদ, মাতৃক হেৰোৱাৰ বেদনা, পার্থিৱ প্ৰেমৰ সমান্তৰালকৈ অদৃশ্যৰ ইংগিত, গভীৰ অনুভূতি তথা সমাজত পৰিৱর্তন আনিব পৰাকৈ কিছুমান দূৰদৃষ্টিসম্পন্ন চিন্তাধাৰাৰ এটি সুন্দৰ স্বৰলিপি ৷ গ্ৰাম্য জীৱনৰ মধুৰ স্মৃতিত আত্মগোপন কৰি থকা চিত্ৰোৎপলা নদীৰ পৰা আৰম্ভ কৰি গৌতম বুদ্ধ, মহাত্মা গান্ধী, ৰামকৃষ্ণ পৰমহংস, জাতিৰ শ্বহীদগণ, কৃষক সমাজ, গোমাতা, আব্দুল কালামৰ অৱদান তথা সমাজত অৱহেলিত ভোকাতুৰ বেলুনবেচা অসহায় ছোৱালীজনীৰ অধিকাৰলৈকে, ইহলোক-পৰলোকৰ ধাৰণা, জীৱনৰ উদ্দেশ্য, বিবেকৰ আহ্বান আৰু কর্মময় জীৱনৰ মধুৰ আনন্দ তথা অন্তিমযাত্ৰাৰ আহ্বানৰ সংমিশ্ৰণে- গোটেইখিনি কবিৰ লিখনীত ভিন্নস্বাদৰ পৰিচয়ক তুলি ধৰিছে ৷

Description

About the Author

এগৰাকী কবিয়ে সদায় নিজৰ হৃদয়ৰ ভাৱনাবোৰক আনৰ আগত উন্মুক্তভাৱে প্ৰকাশ কৰিহে সন্তোষ পায় ৷ ওড়িশাৰ ৰাজনৈতিক বাতাবৰণৰ মাজত এগৰাকী যশস্বী ৰাজনেতা হিচাপে খ্যাতি অৰ্জন কৰাৰ সমান্তৰালকৈ সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ লিখনী চালনা কৰোঁতে অমায়িক কবি হিচাপে পাঠকৰ আদৰ পাবলৈ সক্ষম হোৱা অতনু সব্যসাচীয়ে পোনপটীয়াকৈ সৰল শব্দ-বিন্যাসেৰে ৰচনা কৰা ‘সব্যসাচীৰ শব্দ’ নামৰ সংকলনটোৱে সঁচাকৈ কবিৰ চিন্তা-চেতনাক শৃংখলাবদ্ধভাৱে সজাই তুলিছে ৷ পুথিখনে নিখুঁতভাৱে সমাজৰ জটিল বাস্তৱতা আৰু কবিৰ ভাবপ্ৰৱণতাৰ এক সুন্দৰ ইস্তাহাৰ বুলি ক’লেও ভুল নহ’ব ৷

কেন্দ্ৰীয় সাহিত্য অকাডেমি বঁটা, জগজ্জীৱন ৰাম সংহতি বঁটা আৰু অসম সাহিত্য সভা, অসম লেখিকা সংস্থাৰ দ্বাৰা কেইবাটাও বঁটাৰে বিভূষিতা অনুবাদিকা ড॰ জ্যোৎস্না ৰাউতে ইতিমধ্যে ২৫খন গৱেষণামূলক মৌলিক গ্ৰন্থ ৰচনা কৰাৰ লগতে ওড়িআৰ পৰা অসমীয়া ভাষালৈ আৰু অসমীয়াৰ পৰা ওড়িআলৈ ২০খন গ্ৰন্থ অনুবাদ কৰি সাহিত্য জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত ১৯৯৫ চনত যোগদান কৰা অনুবাদিকাগৰাকীয়ে ইতিমধ্যে ওড়িশা আৰু অসমৰ লোকসাহিত্যৰ তুলনামূলক বিষয়ত পি এইচ. ডি, ওড়িশা আৰু অসমৰ লোকসংস্কৃতিৰ তুলনামূলক বিষয়ত ডি.লিট ডিগ্ৰী লাভ কৰে ৷ উক্ত গৱেষণা গ্ৰন্থ দুখন বিভিন্ন মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত সহায়ক গ্ৰন্থসূচী হিচাপে যথেষ্ট আদৃত হৈ পৰিছে ৷ ‘সব্যসাচীৰ শব্দ’ নামৰ অনুবাদিত গ্ৰন্থখনো তেওঁৰ অন্যতম কৃতি ৷

Product details

  • Publisher ‏ : ‎ Black Eagle Books
  • Publication date ‏ : ‎ 14 April 2025
  • Language ‏ : ‎ Assamese
  • Print length ‏ : ‎ 86 pages
  • ISBN-10 ‏ : ‎ 1645606686
  • ISBN-13 ‏ : ‎ 978-1645606680
  • Item Weight ‏ : ‎ 109 g
  • Dimensions ‏ : ‎ 13.97 x 0.53 x 21.59 cm
  • Importer ‏ : ‎ Atlantic Publishers and Distributors (P) Ltd., 7/22, Ansari Road, Darya Ganj, New Delhi – 110002 INDIA, Email – customercare@atlanticbooks.com, Ph – 011-47320500

Indian Edition Also available on:

Additional information

book-author

Language

Assmesee

select-format

Paperback

Translator

Jyotsna Biswal Rout